গোগামুখ নলবাৰীত এক কোটি টকাৰে নিৰ্মাণ কৰা হব দেশৰ সৰ্ব বৃহৎ স্থায়ী বাথৌ মন্দিৰ
গোগামুখ নলবাৰীত এক কোটি টকাৰে নিৰ্মাণ কৰা হব স্থায়ী বাথৌ মন্দিৰ গোগামুখ :২৮ জানুৱাৰী: আজি বড়োসকলৰ পবিত্ৰ বাথৌ পূজা, ৰাজ্য বিভিন্ন ঠাইৰ লগতে মাঘ মাহৰ দ্বিতীয় টো মঙ্গল বাৰে বড়োসকলৰ পবিত্ৰ বাথৌ পূজা পালন কৰা হয়। তাৰ সমান্তৰাল ভাৱে গোগামুখ নলবাৰীত আজি স্থায়ী বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান আয়োজন কৰা হয়। নলবাৰীত স্থায়ী বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন মাংগলিক পূজা অৰ্চনাৰে দিন যোৱা কাৰ্যসূচীৰে আয়োজন কৰা হয় অনুষ্ঠান টি।ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰি স্থাপন কৰে মন্দিৰ টো।বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে গাঁঠিৰ ধনেৰে প্ৰায় এক কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াব এই মন্দিৰৰ। উল্লেখ্য যে, বৰদলনি মৌজাৰ অন্তৰ্গত ৬৩ খন বড়ো অধ্যুষিত গাঁৱৰ ২০০০ প্ৰতিটো পৰিয়ালৰ পৰা ৩ হাজাৰ ৬০০ টকাকৈ অৰ্থাৎ প্ৰতি মাহে ১০০ টকাকৈ অৰিহণা যোগায় তিনিবছৰত সম্পন্ন কৰিব এই মন্দিৰৰ। স্বাধীনতাৰ ৭০ দশকৰ পাছত গোগামুখ নলবাৰীত বড়োসকলৰ স্থায়ী ভাৱে নিৰ্মান হ'ব কেন্দ্ৰীয় বাথৌ মন্দিৰৰ।আজি উক্ত খনত লখিমপুৰ জিলাৰ বড়ো জনগোষ্ঠীয় লোক সকলৰ লগতে গোগামুখ...