Posts

Showing posts from March, 2025

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য

Image
বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ যাত্ৰায়ে ৰাওনা গোলাঘাট অধিৱেশনলৈ অসম_জাতীয়তাবাদী যুৱ-ছাত্ৰপৰিষদ এক বিংশতিতম_দ্বি_বাষিক_ কেন্দ্ৰীয় অধিবেশন স্থলীলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত বৰদলনি আঞ্চলিক সমিতিৰ যুতীয়া সম্পাদক মনজিৎ দও আৰু সাংগঠনিক সম্পাদক ডেনিম চুতীয়া পদযাত্ৰা কৰি গোলাঘাট অধিবেশনলৈ ৰাওনা।  আজি বৰদলনি চাৰিআলিৰ পৰা সংগ্ৰামী নেত্ৰা মঞ্জিত দত্ত আৰু ডেনিম চুতীয়াই প্ৰায় ৪৩০ কিলোমিটাৰ ৰাওনা কৰিছে ছাত্ৰ নেতা দুজন পদযাত্ৰাৰে অসমত আন্ত ৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা, পূৰ্ণ স্বায়ত্ত্ব শাসনৰ দাবীৰ লগতে নিচা মুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ দাবীৰে  পদযাত্ৰাৰ আৰম্ভনী কৰে বুলি জানিবলৈ দিয়ে। আজি উক্ত খনত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য শৰৎ চুতীয়া,জিলা সাধাৰণ সম্পাদক ৰঞ্জন বৰা, জিলা যুটীয়া সম্পাদক তিলক কাকতি, বৰদলনি আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে।

বিহু সুৰক্ষা সমিতি অসমৰ ধেমাজি জিলা সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

  বিহু সুৰক্ষা সমিতি অসমৰ ধেমাজি জিলা সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত ১৪: মাৰ্চ:বিহু সুৰক্ষা সমিতি অসমৰ ধেমাজি জিলা সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনখনি অহা দেওবাৰে ইং ১৬ মাৰ্চ ২০২৫ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ধেমাজি মহিলা সমিতি ভৱনত আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি পুৱা সামূহি চাফাইৰ লগতে গছপুলি ৰোপণ কৰা হব। মূখ্য ৰোপক হিচাপে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদিকা প্ৰণিতা গগৈ উপস্থিত থাকিব ৷ ইয়াৰ উপৰিও বিশিষ্ট ৰোপক হিচাপে তিলক ভৰালী, প্ৰশান্ত চেতীয়া, খগেন চাংমাই. উত্তম চুতীয়া,ভাইকন দত্ত, ঝতুপৰ্ণা দেৱী চুতীয়া, মনালিছা দাস,দীপক গোহাঁই, নয়নমনি ভূঞা গগৈ, ৰুবী চুতীয়া, দিপালী বৰদলৈ, মৃদুলা বৰুৱা, দেৱযানি দত্ত ,অনামিকা বৰগোহাঁই, দুলুমনি গগৈ, জ্যোতি গগৈ আৰু বিপ্লৱ হাজং উপস্থিত থাকিব ৷ পুৱা ন বজাত পতাকা উত্তোলন কৰিব জিলা সভাপতি পবিত্ৰ সন্দিকৈয়ে ৷স্মৃতি তৰ্পন কৰিব কাৰ্যকৰি সভাপতি ধৰ্মেশ্বৰ চুতীয়াই ৷ পৰবৰ্তী কাৰ্য্যসূচীত প্ৰতিনিধি পঞ্জীয়ন কৰিব শৰৎ বৰা আৰু পাৰ্থপ্ৰতিম শইকীয়াই ৷ প্ৰতিনিধি মাচুল এশ টকা বুলি জানিবলৈ দিছে ৷ মূল অধিৱেশনখনি উদ্বোধন কৰিব প্ৰাক্তন সম্পাদক শৈল বুঢ়াগোহাঁইয়...

গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল

Image
  গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সংবাদমেল   গোগামুখ: ১৩ মাৰ্চ: ২০২১-২২ চনত নিযুক্তি লাভ কৰা শিক্ষক কৰ্মচাৰী সকলোৰ গুৰুত্বপূৰ্ণ দাবী সহ বৃহস্পতিবাৰে গোগামুখত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত সংবাদ মেল সম্বোধন কৰি ফিক্স পেৰ বিপৰীতে অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ নিয়মীয়া কৰ্মচাৰী হিচাপে উন্নীতকৰণৰ দাবী জনাই সদৌ অসম সদ্য প্ৰাদেশীকৃত মাধ্যমিক ও উচ্চ প্ৰাথমিকৰ অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ।  বহু বাৰ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকীক কাকূতি-মিনতি কৰিও ন্যায় পোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অনা-শিক্ষক কৰ্মচাৰী সকলৰ। আজি সংবাদ মেলত সম কামৰ সম মৰ্যদা দি চাকৰি নিয়মীকৰণৰ দাবী সন্থাটোৰ।  সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব বিচাৰিও মুখ্যমন্ত্ৰীক সাক্ষাৎ পাবলৈও সক্ষম ন'হল অনা-শিক্ষক কৰ্মচাৰী সকলে। ২০২১-২২ চনতেই নিযুক্তি লাভ কৰা এইসকল কৰ্মচাৰীয়ে দৰমহাৰ নামত লাভ কৰা ৮ হাজাৰৰ পৰা ১০ হাজাৰ টকাৰে পৰিয়াল পোহপাল দিব নোৱাৰি উপায়ন্তৰ হৈ সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ অনা-শিক্ষক কৰ্মচাৰী সকলোৰ।

বৰদলনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

Image
  বৰদলনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস   গোগামুখ ১২ মাৰ্চ: অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ পৰাই জাতীয় সংগঠনটোৱে আই অসমী জাতীয় জীৱনৰ বিভিন্ন সমস্যা সমূ্হৰ সমাধানৰ ক্ষেত্ৰত ৰাইজৰ হৈ মাত মাতি আহিছে ইয়াৰ সমান্তৰালভাৱে ৪৭ টা বছৰত ভৰি থলে সংগঠনটোৱে। বুধবাৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৰদলনি আঞ্চলিক সমিতিৰ সহযোগত ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আজি উক্ত ক্ষণত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ৰক্তদান কাৰ্যসূচী আয়োজন কৰি সংগঠনৰ প্ৰায় ৩০ জনৰ কৰ্মীয়ে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ সহায় হোৱা কৈ স্বাস্থ্য বিভাগীয় কৰ্মচাৰী উপস্থিতিত ৰক্তদান কৰা হয়। ইয়াৰ পিছতেই মুকলি সভাত বছৰ বছৰ ধৰি ৰাইজৰ সমস্যা সমূ্হৰ সমাজৰ আগত নিৰপেক্ষ ভূমিকাৰে দাঙি ধৰা ধেমাজি জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি জিলাৰ সাংবাদিক সন্থাৰ সভাপতি ভাস্কৰ সভাপণ্ডিত জিলা সাংবাদিক সন্থা সাধাৰণ সম্পাদক গৌতম পে...