বৰদলনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

 বৰদলনিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

 গোগামুখ ১২ মাৰ্চ: অসমৰ অন্যতম শক্তিশালী জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ পৰাই জাতীয় সংগঠনটোৱে আই অসমী জাতীয় জীৱনৰ বিভিন্ন সমস্যা সমূ্হৰ সমাধানৰ ক্ষেত্ৰত ৰাইজৰ হৈ মাত মাতি আহিছে ইয়াৰ সমান্তৰালভাৱে ৪৭ টা বছৰত ভৰি থলে সংগঠনটোৱে। বুধবাৰে বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বৰদলনি আঞ্চলিক সমিতিৰ সহযোগত ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। আজি উক্ত ক্ষণত পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পন, ৰক্তদান কাৰ্যসূচী আয়োজন কৰি সংগঠনৰ প্ৰায় ৩০ জনৰ কৰ্মীয়ে দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ সহায় হোৱা কৈ স্বাস্থ্য বিভাগীয় কৰ্মচাৰী উপস্থিতিত ৰক্তদান কৰা হয়। ইয়াৰ পিছতেই মুকলি সভাত বছৰ বছৰ ধৰি ৰাইজৰ সমস্যা সমূ্হৰ সমাজৰ আগত নিৰপেক্ষ ভূমিকাৰে দাঙি ধৰা ধেমাজি জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা ধেমাজি জিলাৰ সাংবাদিক সন্থাৰ সভাপতি ভাস্কৰ সভাপণ্ডিত জিলা সাংবাদিক সন্থা সাধাৰণ সম্পাদক গৌতম পেগু ক সম্বৰ্ধনা জনোৱা হয়। লগতে নৱ প্ৰজন্মৰ আদৰ্শ কৃষকক প্ৰবীণ বৰা,শিপিনী জানমণি কোঁৱৰ চুতীয়া সম্বৰ্ধনা জনাই আৰু অঞ্চল টোৰ শৈক্ষিক সাংস্কৃতিকৰ ক্ষেত্ৰত লগত জড়িত হৈ বিভিন্ন সামাজিক কামত ৰাইজৰ হকে নিস্বাৰ্থ ভাৱে সমাজ সংস্কাৰ ক্ষেত্ৰ অৱদান আগবঢ়োৱা অঞ্চল টোৰ জ্যেষ্ঠ ব্যক্তি হেমধৰ দত্ত, ভাইকন দত্ত, জয়চন্দ্ৰ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। 


ইফালে আজি উক্ত অনুষ্ঠানত ধেমাজি জিলাৰ বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ ভাৱে আলোচনা কৰা ওপৰিও বছৰ বছৰ ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহা বৃহৎ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পিছতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহ সভা আয়োজন কৰি আগন্তুক দিনত সংগঠনৰ কামত আগবঢ়ায় নিবৰ বাবে  আলোচনা কৰা হয়।


আজি উক্ত অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দেৱজিৎ দাস,যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, কাৰ্যনিৰ্বাহ সদস্য শৰৎ চুতীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য নিল গগৈ ,জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক ৰঞ্জন বৰা,যুটীয়া সম্পাদক তিলক কাকতি, উপ সভাপতি তপন শইকীয়া, জিলা সমিতিৰ বিষয় ববিয়া সকল, আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে আঞ্চলিকৰ বিষয় ববিয়া সকল আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয় ববিয়া,  অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।



Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য