যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ
নৱ নিৰ্মিত গোগামুখ লটাক ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ গোগামুখ লাইভ: ১ মাৰ্চঃ পৌৰাণিক কালৰ পৰাই যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি হিচাপে গ্ৰহণ কৰি আহিছে আৰু এই যোগভ্যাসে মানুহৰ শৰীৰক সুস্থ-সবল আৰু শক্তিশালী কৰি ৰখাত সহায় কৰি আহিছে ৷ সম্প্ৰতি সময়ৰ পৰিবৰ্তনত যোগভ্যাসত নিত্য নতুন কাৰিকৰী কৌশল, অত্যাধুনিক সামগ্ৰীৰ সংযোগ ঘটিছে আৰু ইয়ে যোগভ্যাসক অত্যাধুনিক চিকিৎসা পদ্ধতিলৈ উন্নীত কৰিছে ৷ এনে অত্যাধুনিক সামগ্ৰী, কলা-কৌশল আৰু অত্যাধুনিক পদ্ধতিৰে গঢ় লৈ উঠা যোগভ্যাস কেন্দ্ৰ হৈছে গোগামুখ ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ ৷ এই ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰতে ব্যায়াম কৰি বহু দৰাৰোগ্য ৰোগীয়ে আৰোগ্য লাভ কৰাৰ লগতে বহু সন্তানহীন দম্পত্তিক সন্তান লাভ কৰিবলৈ সক্ষম হৈছে ৷ পূৰ্বে গোগামুখ মহাবিদ্যালয়তৰ চৌহদত চালুকীয়া অৱস্থাত এই ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰ চলি আছিল যদিও স্থানীয় ৰাইজৰ বিপুল দাবী আৰু সুবিধালৈ চাই ইয়াক গোগামুখ আবতানি লত্তাৰ অত্যাধুনিক বহুমুখী প্ৰকল্পলৈ স্থানান্...