বৰদলনি আৰক্ষী দ্বাৰা চুৰৰ বিৰুদ্ধে অভিযান,অভিযানত চাৰিজন লোকক আটক বৰদলনি আৰক্ষী গোগামুখ,বৰদলনী:৩০জুন: ৰাজ্যৰ লগতে ধেমাজি জিলা বিভিন্ন ঠাইত চুৰে তাণ্ডব চলোৱা সমান্তৰাল ভাৱে দেওবাৰে দিনৰ ভাগত ধেমাজি গোগামুখ থানাৰ অন্তৰ্গত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বসন্ত শইকীয়াৰ নেতৃত্বত এটি আৰক্ষী দলে গোচৰ নং ৪৮/২৪ ভিত্তিত অভিযান চলাই ০৪(চাৰি) জন অপৰাধীক আটক কৰাৰ লগতে আটক কৰা লোক কেইজনৰ পৰা ৪৪.৩০ গ্ৰাম চুৰি সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ। ইফালে বাতৰি তৈয়াৰ কৰা সময়ৰ লৈকে চুৰ কেইটাই কৰ পৰা সোন আনিছিল জানিব পৰা হোৱা নাই, পিছত আৰক্ষীৰ অভিযানত সঠিক তথ্য জানিব পৰা যাব। লগতে আৰক্ষীয়ে চুৰ কেইটাক হোধা পোচা অব্যাহত ৰাখিছে।