ন - নদী বানত বুৰ প্লাৱিত গোগামুখৰ বিভিন্ন অঞ্চল,
গোগামুখ:৩০জুন: টুল টুল দত্ত -ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডব, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ গোগামুখটো বাৰিষাৰ দ্বিতীয় জাক বৰষুণত ন-নদীৰ বানৰ ভয়ঙ্কৰ ৰূপ দেখা যায়।
ন-নদীৰ বানত ফলত হাহাকাৰ হিলৈমাৰী-নগাও-মুকুলবাৰী লগতে লগতে বিভিন্ন গাঁও এতিয়া পানী কবলত। পানীৰ সোঁত অহা-যোৱা কৰা পথ বিছিন্ন হোৱা বুলিও জানিবলৈ দিয়ে স্হানীয় ৰাইজে। চুবুৰীয়া ৰাজ্য অৰুণাচলত কেইবাদিনো ধৰি ধাৰাষাৰ বৃষ্টিৰ ফলত অৰুণাচলৰ সীমা মুৰীয়া উক্ত অঞ্চলসমূহত অৰুনাচল প্ৰদেশৰ পৰা বৈ অহা পানীৰে নামনি অংশৰ ৰাইজৰ লগতে ঘৰ-বাৰী খেতি-পথাৰ, গো-ধন, পুখুৰীৰ মাছ ইত্যাদি বহু ক্ষয়-ক্ষতি কৰে বুলি জানিবলৈ দিয়ে। ইফালে বাতৰি সংগ্ৰহ কৰাৰ লগতে বাতৰি তৈয়াৰ কৰি থকা সময়ৰলৈকে জিলা-প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই বুলি জানিবলৈ দিয়ে ভুক্তভুগি গাঁও বাসীয়ে।নিশাৰ ভাগত বৰষুণৰ পৰিমাণ যদি নকমে পানী আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰিছে ভুক্তভুগি ৰাইজে।

Comments
Post a Comment