Posts

Showing posts from July, 2024

গোগামুখত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

Image
গোগামুখত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধ বাৰে গোগামুখ অবস্থিত construction skills training centre ত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয়।দিনযোৰা ভাৱে আয়োজন কৰা অনুষ্ঠানত পুৱা পতাকা উত্তোলন শ্বহিদ তৰ্পন,পিছতেই মুকলি সভা আয়োজন কৰা হয়।উক্ত সভাত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ বিভিন্ন সমস্যা সমূ্হৰ বিষয় আলোচনা কৰা লগতে আগন্তুক দিনত সন্যাসী সমাজক আগুৱাই নিয়া লক্ষ্যৰে গুৰুত্ব পূৰ্ণ ভাৱে আলোচনা কৰা হয়।উক্ত সভাত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক, গোৰ্খা বিভিন্ন জাতীয় সংগঠন, গোৰ্খা উন্নয়ন পৰিষদ সদস্য লগতে সন্যাসী সমাজৰ বিশিষ্ট জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

উদ্ধাৰ হল দহ মাহৰৰ পূৰ্বে সন্দ্ধানহীন হৈ থকা ভাৰতীয় সেনাযোৱানৰ মৃতদেহ

Image
  উদ্ধাৰ হল দহ মাহৰৰ পূৰ্বে  সন্দ্ধানহীন হৈ থকা ভাৰতীয় সেনাযোৱানৰ মৃতদেহ  গোগামুখ ,9জুলাই মঙ্গল বাৰে দিনৰ প্ৰায় 12 মান বজাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি গোগামুখৰ গৌতম ৰাজবংশী,দহমাহৰ পূৰ্বে লাডাখত প্ৰশিক্ষণ দি থকা অৱস্থাত মৃত্যু মূখত পৰিছিল ভাৰতীয় সেনাৰ জুৱান জন। লাডাখত অক্টোবৰ মাহত,ঘন বৰফে আৱৰি ৰখা বাবে সেই সময়ত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় সেনাই। লগতে সেনা তৰফৰ পৰা পৰিয়ালৰ লোকক জনোৱা হৈছিল ঘটনা বিৱৰণ আৰু সেনা তৰফৰ পৰা জুন জুলাই মাহত বৰফৰ মাজত উদ্ধাৰ কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিছিল পৰিয়ালক। এতিয়া গৰমৰ দিন লাডাখত এতিয়া বৰফ খুবেই কম ,সেয়েহে প্ৰায় দহ মাহৰ পিছত মৃত জুৱান জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।আৰু লগতে মৃত গৌতম ৰাজবংশী,মৃতদেহ উদ্ধাৰ খবৰ পৰিয়ালক সোমবাৰে জানিবলৈ দিয়ে সেনাই। ইফালে পৰিয়ালৰ লোকে অহা কাইলৈ অৰ্থাৎ বুধ বাৰে মৃতদেহ পৰিয়ালক গতাই দিব সি বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক
Image
  বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰদলনি হলৌডুঙা স্থিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত বিভিন্ন সমস্যা ওপৰত আলোচনা সভা আয়োজন কৰা হয়। দেওবাৰে দিনৰ এক বজাত বৰদলনিত বৰদলনি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰদলনি হলৌডুঙা  স্থিত ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত বিভিন্ন সমস্যা ওপৰত আলোচনা সভা আয়োজন কৰা হয়।বিভাগীয় কতৃপক্ষৰ হেমাহী ফলত ১৯০১ চনত স্থাপন কৰা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত বিভিন্ন সমস্যাৰে ভৰ পুৰ ।ইফালে আজি উক্ত সভাত  চিকিৎসালয় খনত সৃষ্টি হোৱা বিভিন্ন সমস্যা সমূ্হৰ বিষয় আলোচনা কৰা হয়।লগতে সভাত স্থায়ী চিকিৎসকৰ,জৰুকালিন সেৱা,নাৰ্চ, দৰৱ লগতে আন্তগাঠনি উন্নতি কৰা লক্ষ্যৰে ৫ তাত কৈ অধিক প্ৰস্তাৱ গ্ৰহণ কৰি স্হানীয় বিধায়ক,সাংসদ, বিভাগীয় মন্ত্ৰী,লগতে মুখ্যমন্ত্ৰীক আবেদন কৰাৰ হব বুলি জানিবলৈ দিয়ে।লগতে অতি সোনকালে চৰকাৰে আৰু বিভাগীয় কতৃপক্ষই উক্ত প্ৰস্তাৱ মানি কাম নকৰিলে প্ৰতিবাদ সাব্যস্ত কৰা হয় বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Image
  শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে পৰিদৰ্শন কৰা পিছতেই গোগামুখত কাম আৰম্ভণি এটি পথৰ  গোগামুখ লাইভ: ৬জুলাই: টুল টুল দত্ত : ৰাজ্যত এতিয়া বানৰ তাণ্ডব, ইয়াৰ সমান্তৰালভাৱে ধেমাজি জিলাত থকা নৈ-উপনৈ সমূহত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পানীয়ে ধেমাজি জিলাৰ প্ৰায় ২৮০ খনৰো অধিক গাঁও বানত বুৰাই পেলাইছে। লগতে বিভিন্ন ঠাইত নৈ-উপনৈ, জান-জুৰি, গঢ়া খহনীয়াৰ তাণ্ডৱ। জিলা প্ৰশাসনে বান বিধস্ত ৰাইজক ৰিফিল প্ৰদান কৰিছে যদিও আজিও বানৰ কবল আছে কেইবাখনো গাঁও। ইয়াৰ পিছতেই ধেমাজি জিলাত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুই মিংমাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত নাহৰজান দলং ৰ পৰা লাহন চুকলৈ যোৱা পথটি শুকুৰবাৰে পৰিদৰ্শন কৰি পথচোৱা যাতায়তৰ সুবিধা হোৱাকৈ বিছিন্ন অংশত Hume pipe culvert ব্যৱহাৰ কৰি যাতায়তৰ তাৎক্ষণিক ব্যৱস্থা লবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে দলীয় নেতৃবৃন্দক নিৰ্দেশ প্ৰদান কৰে। তাৰ সমান্তৰাল ভাৱে শনিবাৰে গোগামুখ বিজেপি মণ্ডলৰ দলীয় কৰ্মী আৰু গনশক্তিৰ প্ৰচেষ্টাত যোগাযোগৰ সূচল কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰে। উক্ত খনত বিজেপি জিলা যুৱ মৰ্চা সভাপতি পুলক চুতীয়া, গোগামুখ মণ্ডলৰ সভাপতি আৰু দলীয় কৰ্ম...

ধেমাজি জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত পৰ্যালোচনা সভাত আয়োজন কৰা হয়।

Image
  ধেমাজি জিলা আয়ুক্তৰ সভাকক্ষত বান পৰিস্থিতি নিয়ন্ত্ৰণ সন্দৰ্ভত পৰ্যালোচনা সভাত আয়োজন কৰা হয়।  সভাত ধেমাজি জিলা বিভিন্ন ঠাইত সৃষ্টি হোৱা বানপানীৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাৱে আলোচনা কৰা হয়। উক্ত সভাত উপস্থিত থাকে স্হানীয় বিধায়ক তথা অসমৰ চৰকাৰৰ শিক্ষামন্ত্ৰী Ranoj Pegu, লখিমপুৰ সাংসদ  Pradan Baruah, জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু ,জিলা আয়ুক্ত অংকুৰ ভৰালী লগতে জিলা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে। লগতে সভাত ধেমাজি জিলা বিভিন্ন সমস্যা বিষয় আলোচনা কৰা ওপৰিও  বানপানীৰ ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্তসকলক বান সাহায্য আৰু পুনৰ সংস্থাপনৰ ওপৰতো আলোচনা কৰা হয়।

গোগামুখৰ বিভিন্ন গাঁওত বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময়

Image
  গোগামুখৰ বিভিন্ন গাঁওত বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময়  গোগামুখ বামচেনীয়া গাঁওত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা বান-সাহায্য প্ৰদান কৰা হয় থলীত স্হানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হৈ  গাঁওবাসীৰ খা-খবৰ লয়। ইফালে বাঢ়নী পানীৰ বাবে পশু চৰণীয়া পথাৰসমূহ প্লাৱিত হৈ পৰাৰ ফলত পশুধনৰ কাৰণে তীব্ৰ খাদ্য-সংকটে দেখা দিয়ে। তাৰ সমান্তৰাল ভাৱে কৌপাতনি গাঁও বৰনামঘৰৰ চৌহদত পশুধনৰ খাদ্যসামগ্ৰী বিতৰণ কাৰ্যসূচী পৰিদৰ্শন কৰে স্হানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী গৰাকীয়ে। উক্ত খনত মন্ত্ৰী গৰাকী সৈতে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ বৰ দেউৰী লগতে MAC একাংশ কাৰ্যবাহী সদস্য  আৰু গোগামুখ অঞ্চলৰ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি লগতে ৰাইজ সকল উপস্থিত থাকে।
Image
  ধেমাজি গ্ৰীষ্মকালীন  কৰ্মশালাৰ অনুষ্ঠান, উপস্থিত জিলা অতিৰিক্ত আয়ুক্ত  বৃহস্পতি  বাৰে দিনৰ ১১ বজাত ধেমাজি টাউন হাই স্কুলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ অনুষ্ঠান  জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত গ্ৰীষ্মকালীন  কৰ্মশালাত বিষয় হিচাপে সঙ্গীত বিষয়  প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজি অনুষ্ঠানত ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত সঞ্জীৱ ফুকন লগতে অঞ্চলৰ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

ধেমাজি জিলা চিচিবৰগাঁওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান আৰু গঢ়া খহনীয়াৰ পৰিদৰ্শন

Image
ধেমাজি জিলা চিচিবৰগাঁওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান আৰু গঢ়া খহনীয়াৰ পৰিদৰ্শন । ধেমাজি জিলা চিচিবৰগাঁওত জলসম্পদ বিভাগৰ শ্লুইছ গেট আৰু খহনীয়া প্ৰতিৰোধপ ৰিদৰ্শন কৰে  মুখ্যমন্ত্ৰী গৰাকীয়ে ,আৰু পৰিদৰ্শন কৰি জলসম্পদ বিভাগক সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে বিভাগীয় কতৃপক্ষক , উক্ত খনত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু , মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী পীযুষ হাজৰিকা লখিমপুৰ সাংসদ প্ৰদান বৰুৱা আৰু বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

ধেমাজি বৰদলনি সমবায় সমিতিলৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য।

Image
ধেমাজি বৰদলনি সমবায় সমিতিলৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য।  ধেমাজি বৰদলনি সমবায় সমিতিলৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য। আজি এই উপলক্ষে বৰদলনি সমবায় সমিতিত বিশেষ ৰাজহুৱা সভা সম্পন্ন। সমবায় সমিতিৰ সম্পাদক প্ৰদীপ ৰঞ্জন দত্তয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ‌্যা কৰা সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ দেউৰীয়ে মুখ্য ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। #সভাত নিজৰ বক্তব্যত নিজ পিতৃয়ে প্ৰতিস্থাপক সভাপতি হিচাপে কৰ্যভাৰ এৰি যোৱা সমবায় সমিতি খনলৈ প্ৰৰ্যাপ্ত সাহায্য আৰু আঁচনি অনুমোদন জনাব বুলি উল্লেখ কৰে। #সভাই ৰাজহুৱা ভাৱে সমবায় সমিতি খনৰ বাউণ্ডাৰী ৱাল প্ৰদান কৰাৰ বাবে আবেদন জনায়। #এইক্ষেত্ৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ দেউৰী আৰু জিন্তুচান দেউৰীয়ে উপস্থিত থাকি ৰাইজৰ আবেদনক গ্ৰাহ্য কৰি শীঘ্ৰ উক্ত আঁচনি  অনুমোদনৰ বাবে ব্যৱস্থা গ্ৰসণ কৰিব বুলি ৰাইজৰ আগত মন্তব্য আগবঢ়ায়। আজি উক্ত অনুষ্ঠানত উপস্থিত থাকে সমবায় সমিতিৰ খনৰ সভাপতি সম্পাদকৰ লগতে কৰ্মচাৰী সকল আৰু অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থি...