শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে পৰিদৰ্শন কৰা পিছতেই গোগামুখত কাম আৰম্ভণি এটি পথৰ
গোগামুখ লাইভ: ৬জুলাই: টুল টুল দত্ত :ৰাজ্যত এতিয়া বানৰ তাণ্ডব, ইয়াৰ সমান্তৰালভাৱে ধেমাজি জিলাত থকা নৈ-উপনৈ সমূহত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পানীয়ে ধেমাজি জিলাৰ প্ৰায় ২৮০ খনৰো অধিক গাঁও বানত বুৰাই পেলাইছে। লগতে বিভিন্ন ঠাইত নৈ-উপনৈ, জান-জুৰি, গঢ়া খহনীয়াৰ তাণ্ডৱ। জিলা প্ৰশাসনে বান বিধস্ত ৰাইজক ৰিফিল প্ৰদান কৰিছে যদিও আজিও বানৰ কবল আছে কেইবাখনো গাঁও। ইয়াৰ পিছতেই ধেমাজি জিলাত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুই মিংমাং গাওঁ পঞ্চায়তৰ অন্তৰ্গত নাহৰজান দলং ৰ পৰা লাহন চুকলৈ যোৱা পথটি শুকুৰবাৰে পৰিদৰ্শন কৰি পথচোৱা যাতায়তৰ সুবিধা হোৱাকৈ বিছিন্ন অংশত Hume pipe culvert ব্যৱহাৰ কৰি যাতায়তৰ তাৎক্ষণিক ব্যৱস্থা লবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে দলীয় নেতৃবৃন্দক নিৰ্দেশ প্ৰদান কৰে। তাৰ সমান্তৰাল ভাৱে শনিবাৰে গোগামুখ বিজেপি মণ্ডলৰ দলীয় কৰ্মী আৰু গনশক্তিৰ প্ৰচেষ্টাত যোগাযোগৰ সূচল কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰে। উক্ত খনত বিজেপি জিলা যুৱ মৰ্চা সভাপতি পুলক চুতীয়া, গোগামুখ মণ্ডলৰ সভাপতি আৰু দলীয় কৰ্মী সকল উপস্থিত থাকে, লগতে MAC ১৭ নং পৰিষদীয় সমষ্টিৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য ও মিছিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাহেঙিয়াই তাৎকালিন ভাৱে মিংমাং বৰলাৰ পৰা আৱতানি গাঁৱৰ মাজেৰে মদনপুৰলৈ যাতায়তৰ সুবিধা হোৱাকৈ আৰু গঢ়া খহনীয়াৰ প্ৰতিৰোধৰ তাৎকালীন ব্যৱস্থা গনশক্তি আৰু TMPK ৰ সহযোগত সুবিধা কৰা হয় ও বিভিন্ন সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে। লগতে তাৎক্ষণিক ব্যৱস্থাৰে যোগাযোগৰ সূচল কৰাৰ প্ৰদক্ষেপ গ্ৰহণ কৰে।লগতে আজি পথ চোৱা কাম আৰম্ভ হোৱা ফলত স্হানীয় বিধায়ক তথা শিক্ষামন্ত্ৰী ৰণোজ পেগু লগতে বিজেপি গোগামুখ মণ্ডলৰ কাৰ্যকৰ্তাক ধন্যবাদ জনাইছে স্হানীয় ৰাইজে ।
( আমাক facebook ত পাবলৈ https://www.facebook.com/tultul.tultuldutta?mibextid=ZbWKwL আৰু https://www.facebook.com/Tultuldutt?mibextid=ZbWKwL )
( আমাক YouTube channel পাবলৈ https://youtube.com/@tultuldutta1?si=1i0MIfXCxHHE0Obn )
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 9380562315
ধন্যবাদ

Comments
Post a Comment