গোগামুখত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
গোগামুখত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
বুধ বাৰে গোগামুখ অবস্থিত construction skills training centre ত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয়।দিনযোৰা ভাৱে আয়োজন কৰা অনুষ্ঠানত পুৱা পতাকা উত্তোলন শ্বহিদ তৰ্পন,পিছতেই মুকলি সভা আয়োজন কৰা হয়।উক্ত সভাত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ বিভিন্ন সমস্যা সমূ্হৰ বিষয় আলোচনা কৰা লগতে আগন্তুক দিনত সন্যাসী সমাজক আগুৱাই নিয়া লক্ষ্যৰে গুৰুত্ব পূৰ্ণ ভাৱে আলোচনা কৰা হয়।উক্ত সভাত সদৌ অসম গোৰ্খা সন্যাসী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক, গোৰ্খা বিভিন্ন জাতীয় সংগঠন, গোৰ্খা উন্নয়ন পৰিষদ সদস্য লগতে সন্যাসী সমাজৰ বিশিষ্ট জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Comments
Post a Comment