গোগামুখত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী

 কংগ্ৰেছ দলত যোগদান কৰিলে জিলা বিজেপি প্ৰাক্তন উপ সভাপতি কিৰণবন দেউৰীয়ে, গোগামুখত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী

গোগামুখ:৩জানুৱাৰী:শুকুৰবাৰে দিনৰ ভাগত গোগামুখত অবস্থিত বৰদলনি ব্লক কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত বৰদলনি ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত যোগদান কাৰ্যসূচী আয়োজন কৰা হয়।

আজি উক্ত কাৰ্যসূচীত দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী প্ৰায় ৫০ জনৰো অধিক লোকে যোগদান কৰাৰ লগতে জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি কিৰণবন দেউৰীয়ে আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দলত যোগদান কৰে।

লগতে আগন্তুক দিনত ৰাষ্ট্ৰীয় দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰা হয়।


উক্ত কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছজ কমিটীৰ কোষাধ্যক্ষ ডাঃ হেম হৰি পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ শৈলেন সোণোৱাল, জিলা সভাপতি ভাস্কৰ দুৱৰা লগতে কংগ্ৰেছৰ জিলা সমিতি, ৰাজ্যিক সমিতি, ব্লক সমিতি, মণ্ডল সমিতি, গাঁও পঞ্চায়ত সমিতিৰ বিষয় ববিয়া সকল উপস্থিত থাকে।




Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য