গোগামুখ প্ৰেছ গীল্ডৰ দ্বি-বাৰ্ষিক অধিবেশন খনি সফল সমাপ্তি

 গোগামুখ প্ৰেছ গীল্ডৰ দ্বি-বাৰ্ষিক অধিবেশন খনি সফল সমাপ্তি 

গোগামুখ: ২৮:গোগামুখ: গোগামুখ বৰদলনি অঞ্চলৰ সাংবাদিক সকল একক কণ্ঠৰে আগুৱাই নিয়া লক্ষ্যৰে গঠন হোৱা গোগামুখ প্ৰেছ গীল্ডৰ দ্বি-বাৰ্ষিক অধিবেশন ধেমাজিৰ ঐতিহাসিক কুমটিয়া নদীৰ বুকুত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সাংবাদিক সুৰক্ষা, সাংবাদিক সকলৰ মাননী লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়। উক্ত অনুষ্ঠানতেই বৰদলনি অঞ্চলৰ ১৫ গৰাকী ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত আগশাৰীৰ যুৱক যুৱতীক সম্বৰ্ধনা জনোৱা হয়।


লগতে দুই বছৰ বাবে প্ৰেছ গীল্ডৰ নতুন সমিতি গঠন কৰা হয়।গোগামুখ প্ৰেছ গীল্ডৰ চতুৰ্থ সংখ্যক সাধাৰণ অধিবেশনত পুৰণা সমিতি ভঙ্গৰ লগতে নতুন সমিতি গঠন কৰা হয়।উক্ত সভাত দিপৰাজ পেগুক সভাপতি,

সাধাৰণ সম্পাদক হিচাপে জীৱন দত্ত, উপসভাপতি হিচাপে ৰাজীৱ দেউৰী, ললিত শইকীয়া,জয়ন্ত চুতীয়াক নিৰ্বাচিত কৰে,

সহকাৰী সম্পাদক হিচাপে প্ৰসেনজিত চায়েঙীয়া, তুলতুল দত্তক নিৰ্বাচিত কৰাৰ লগতে মুখ্য উপদেষ্টা হিচাপে উত্তৰ অসমৰপ্ৰাগ নিউজ ব্ৰ্যৰ চিফ কুশল শইকীয়াৰ লগতে বিনোদ ফুকন সভাই বাচনি কৰে। সদস্য হিচাপে বিমল গয়াৰী আৰু অমিত ৰামচিয়াৰীক নিৰ্বাচিত কৰে।



ইফালে আজি উক্ত খনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সম্পাদক তিলক কাকতি লগতে গোগামুখ বৰদলনি অঞ্চলৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল, জাতীয় সংগঠনৰ বিষয় ববিয়া

সকল উপস্থিত থাকে।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য