বৰদলনি মিছামাৰি তিনিআলিত শিল্পী দিৱস উদযাপন

 বৰদলনি মিছামাৰি তিনিআলিত শিল্পী দিৱস উদযাপন 

গোগামুখ লাইভ ১৭ জানুৱাৰী: 

আজি ১৭ জানুৱাৰী প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদ্‌যাপন কৰা হয়।এই দিনটোতে মহান শিল্পী ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দেৱৰ 

 


পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদ্‌যাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত জ্যোতি দিৱসক ‘শিল্পী দিৱস’ হিচাপে নামকৰণ কৰা হয়।জ্যোতি প্ৰসাদ আগৰৱালাৰ।



অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। এই মহান শিল্পী গৰাকী মৃত্যু তিথি ৰাজ্য বিভিন্ন ঠাইৰ লগতে ধেমাজি জিলা বিভিন্ন ঠাইত শিল্পী দিৱস উদযাপন কৰা সমান্তৰাল ভাৱে বৰদলনি মিছামাৰিত মিছামাৰি ৰূপকোঁৱৰ যুৱ সংঘৰ আৰু মইনা পাৰিজাতৰ লগতে স্ফুলিংগ the spark ৰ সহযোগত শুকুৰবাৰে সন্ধিয়া ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি উদযাপন কৰা হয়।



আজি অনুষ্ঠান টোত ৰূপ কোঁৱৰ দেৱৰ প্ৰতিচ্ছবিত চাকি বন্তি প্ৰজ্বলন কৰে ৰূপ কোঁৱৰ যুৱ সংঘৰ প্ৰাক্তন সভাপতি নৰেন দত্তই।ইয়াৰ পিছতেই অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট কণ্ঠ শিল্পী ড° শংকৰ পাটোৱাৰী দেৱে, ইয়াৰ পিছতেই নৱ প্ৰজন্মৰ কণ কণ শিশু সকলৰ আগুৱাই নিয়া লক্ষ্যৰে লগতে ৰূপ কোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ দেৱৰ আৱাস দিয়া লক্ষ্যৰে শিশু সকলৰ দ্বাৰা নৃত্য, কবিতা আবৃত্তি জ্যোতি সংগীত প্ৰদৰ্শনী কৰা হয়।লগতে মহান শিল্পী গৰাকী কৰ্ম জীৱনী ওপৰত আলোচনা কৰা হয়।


ইফালে আজি উক্ত অনুষ্ঠানতেই প্ৰায়াত ৰাজীৱ শদিয়া অকাল মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰি এক মিনিট সময় মন প্ৰাৰ্থনা কৰা হয়। তাৰ লগতে  আজিৰ অনুষ্ঠানত টো আঁত ধৰে সংঘৰ উপদেষ্টা সদা দত্তই ।এই অনুষ্ঠানৰ ওপৰিও আজি আবেলি ভাগটো ঘটামিছামাৰি অংগবাদি কেন্দ্ৰত ধেমাজি খবৰ ,গোগামুখ লাইভ , tultuldutta YouTube channel ৰ উদ্যোগত আৰু মিছামাৰি গাঁও বাসীৰ সহযোগত শিল্পী দিৱস উদযাপন কৰা হয়। লগতে উক্ত অনুষ্ঠানত টো কণ্ঠ শিল্পী ৰাজীৱ শদিয়া দেৱৰ অকল বিয়োগ হোৱাত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। আজি উক্ত খনত ধেমাজি জিলা বিহু সুৰক্ষা সমিতি সাধাৰণ সম্পাদক প্ৰদীপ ৰঞ্জন দত্ত, বিহু সুৰক্ষা সমিতিৰ বৰদলনি আঞ্চলিকৰ কাৰ্যকৰী সভাপতি টুল টুল দত্ত , লগতে সংঘৰ সভাপতি সম্পাদকৰ,সংঘৰ একাংশ বিষয় ববিয়া,অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল ৰাইজ সকল উপস্থিত থাকে।





Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য