গোগামুখত মিচিং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চাহিঙীয়াৰ সংবাদ মেল
গোগামুখত মিচিং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চাহিঙীয়াৰ সংবাদ মেল
গোগামুখ :২৪ জানুৱাৰী:
দেশৰ লগতে ৰাজ্যত অহা ২৬ জানুৱাৰী তাৰিখে ৭৬ সংখ্যক গণৰাজ্য দিৱসটি আয়োজন কৰিবৰ বাবে ৰাজ্যৰ জিলাই জিলাই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা সমান্তৰাল ভাৱে ধেমাজি জিলাৰ গোগামুখ পৰা জোনাই অৰুণাচল প্ৰদেশৰ সীমা লৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে ধেমাজি জিলাৰ নগৰ কাছাৰী ময়দানত, জোনাই গান্ধী ময়দানত গণৰাজ্য দিৱস উদযাপন প্ৰতি বছৰ দৰে এই বছৰেও ধুম ধামেৰে আয়োজন কৰিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰখা সমান্তৰাল ভাৱে প্ৰতি বছৰৰ দৰে এই বছৰেও ধুম ধামেৰে মিচিং স্বায়ত্ত্ব পৰিষদৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন কৰা সন্দৰ্ভত শুকুৰবাৰে আবেলি গোগামুখস্থিত মিচিং স্বায়ত্ত্ব পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত মিচিং স্বায়ত্ত্ব পৰিষদৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰে MAC ৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমান্দ চাহিঙীয়াই ।
সংবাদ মেলত কাৰ্য্যবাহী সদস্য গৰাকীয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱসটি MAC ৰ নিৰ্মীয়মান মুখ্য কাৰ্যালয়ত দুদিনীয়াকৈ আয়োজন কৰা হব বুলি জানিবলৈ দিয়ে।
উক্ত অনুষ্ঠানত ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে লগতে মিচিং গাঁওৰ পৰা ওলাই গৈ ৰাজ্য, জিলা লগতে গোগামুখ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ সকলক বঁটা প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে। লগতে উক্ত অনুষ্ঠানত কৃষি উৎপাদনৰ সামগ্ৰী আৰু শিপিনীৰ লগত জড়িত সামগ্ৰী ইত্যাদি প্ৰদৰ্শন কৰাৰ লগতে গোগামুখ অঞ্চলত থকা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰযুক্তি ক্ষেত্ৰ প্ৰতিযোগিতা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে। আজি উক্ত সংবাদ মেলত MAC ৰ সাধাৰণ সদস্য সকলৰ লগতে কৰ্মচাৰী সকল উপস্থিত থাকে।




Comments
Post a Comment