গোগামুখত ওলাইছে Duplicate কিন্নৰ
গোগামুখত ওলাইছে Duplicate কিন্নৰ,Duplicate কিন্নৰক ধৰি গতালে আৰক্ষীক
গোগামুখ :৮ ডিচেম্বৰ :বিভিন্ন সময়ত সভ্য সমাজত একাংশ লোকে নিজকেই কিন্নক সজাই ৰাইজৰ পৰা ধন সংগ্ৰহ সহজ উপাই বিচৰা অভিযোগ উত্থাপন হোৱা সমান্তৰাল ভাৱে দেওবাৰে গোগামুখত
কিন্নক বাহিনীয়ে দুই নম্বৰী Duplicate কিন্নক, প্ৰকৃত পঞ্জীয়ন থকা কিন্নই ধৰি চুলি কাটি হাফ পেন্ট, আৰু স্পৰ্টিং পিন্ধাই গতাই দিয়ে আৰক্ষীক।অভিযোগ অনুসৰি গোগামুখত নিতৌ যুৱক দুজনে নিজকেই কিন্ন সজাই ধন সংগ্ৰহ কৰি আহিছিল জনসাধাৰণ পৰা।ঘটনা লগত যুৱক দুজন ধেমাজি চিলাপথাৰৰ জৃবুৰী ওৰফে অনন্ত টায়ে আৰু জোনাইৰ নয়ন পেগু বুলি জানিব পৰা গৈছে। ইফালে মিচিং সমাজৰ উৎপত্তি স্থান বা তেওঁলোকৰ পূৰ্বপুৰুষৰ তথ্য খুচৰিলে মিচিং সমাজৰ ইতিহাসত কিন্নৰৰ অস্তিত্ব নাই বা কিন্নৰৰ জন্ম হোৱাৰ তথ্য নাই বুলি একাংশ সচেতন ৰাইজে দাবী কৰে যদিও এই দুজন যুৱক প্ৰকৃত কিন্নৰ হয় নহয় অনাগত দিনত জানিব পৰা যাব।লগতে কি উদেশ্য লৈ যুৱক দুজনে এনে কাণ্ড সংঘটিত কৰিছিল বাতৰি লিখা লৈকে জানিব পৰা হোৱা নাই যদিও যুৱক দুজনে পৰৱৰ্তী সময়ত জনসাধাৰণ পৰা ধন সংগ্ৰহ কাম নকৰোঁ বুলি মন্তব্য কৰি নিজৰ ঘৰলৈ গৈ আগৰ পৰা কৰি অহা কৰ্ম লগত জড়িত হব বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত।

Comments
Post a Comment