ধেমাজি জিলাৰ মাছখোৱাত পবিত্ৰ শ্বহীদ বেদী উন্মোচন

 ধেমাজি জিলাৰ মাছখোৱাত পবিত্ৰ শ্বহীদ বেদী উন্মোচন

ধেমাজি: ৬ডিচেম্বৰ:স্বদেশ আৰু স্বজাতিৰ সুৰক্ষিত ভৱিষ‍্যতৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ ত‍্যাগ কৰা মহান শ্বহীদ সকলৰ স্মৃতিত ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰা পবিত্ৰ শ্বহীদ বেদী উন্মোচন অনুষ্ঠান শুকুৰবাৰে দিনৰ ভাগত আয়োজন কৰা হয়।

         মাছখোৱাৰ জুলি চাৰিআলিস্থিত শ্বহীদ ভৱনৰ প্ৰাংগণত অৱস্থিত এই শ্বহীদ বেদীয়ে আহিব লগা দিনবোৰত উঠি অহা নতুন প্ৰজন্মক কাম কৰি যাবলৈ সদায় সাহস, প্ৰেৰণা হব বুলি গণ্য কৰা হয়।


আজি উক্ত অনুষ্ঠানত স্বদেশ আৰু স্বজাতিৰ সুৰক্ষিত ভৱিষ‍্যতৰ বাবে নিজৰ জীৱনৰ সৰ্বোচ্চ ত‍্যাগ কৰা মহান শ্বহীদক স্মৰণ কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।

 আজি উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা 

ধেমাজী জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বুঢ়াগোহাঁই, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য বিকাশ মিচিং, ধেমাজি জিলা একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল,মাছখোৱা আঞ্চলিক ছাত্ৰ সন্হাৰ আৰু জিলা সমিতিৰ বিষয় ববিয়া স্হানীয় ৰাইজ সকল উপস্থিত থাকে।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য