কবিতা - আজি লৃগাঙ- প্ৰদীপ ৰঞ্জন দত্ত
▶আজি লৃগাঙ
➡ প্ৰদীপ ৰঞ্জন দত্ত
জাক পাতি কনেঙহঁতে
গুমৰাগ চঃমানত
প্ৰাণঢালি নাচিব
যুটি যুটি ঐনিতমৰ সুৰে
নৈপৰীয়া গাঁৱৰ চোতাল
উপচি পৰিব
আৰু
মোৰ চকুত চকু থবৰ বাবেই
পানেইয়ে পৰ্দাৰ ফাকেৰে
ৰ' লাগি চাই থকিব, আজি নৃগাঙ ৷
আজি লৃগাঙ
ফাগুনে আদৰি আনিব উৎসৱৰ
কৃষকৰ বুকুত সপোন গুজে
যি পাৰ ভঙা উচাহৰ জোঁৱাৰ তোলে
যি গাভৰুমনৰ গোপন হেঁপাহ পূৰ্ণ কৰে
সেই লৃগাঙ আজি
লৃগাঙ মানেইটো
ঐনিতমৰ আলফুল সুৰৰ
মিঠা সমাৰোহ
লৃগাঙ মানেইটো
কৃষকৰ উৰুখা পঁজাৰ এটি মিঠা হাঁহি
কনেঙৰ বুকুত গজি উঠা
এটি আদিম ভালপোৱা
এই লৃগাঙ
লৃগাঙ যৌৱনৰ সৰ্বশ্ৰেষ্ঠ মহোৎসৱ ৷
(ধেমাজি বাতৰি আৰু বিজ্ঞাপনৰ বাবে, 9380562315 নম্বৰত যোগাযোগ কৰক )

Comments
Post a Comment