গোগামুখত আন্তৰাষ্ট্ৰীয় দিব্যাংগ দিৱস পালন
World Disabled Day:gogamukh:3 desember: গোগামুখত আন্ত:ৰাৰ্ষ্ট্ৰীয় দিব্যাংগ দিৱস পালন
♦️
আজি আন্ত:ৰাষ্ট্ৰীয় দিব্যাংগ দিৱস, উক্ত দিৱস টি ৰাজ্য বিভিন্ন ঠাইত আয়োজন কৰা লগতে ধেমাজি জিলাৰ বিভিন্ন ঠাইত আয়োজন কৰা হয়। তাৰ সমান্তৰাল ভাৱে ধেমাজি জিলাৰ বৰদলনি শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় দিব্যাংগ দিৱসটি গোগামুখ চেতিয়া গাঁওস্থিত দৈনিক পৰিচাৰ্যা কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
♦️
দিব্যাংগ শিশু সকলৰ নৃত্য,গীতেৰে ৰাইজক আল্পুত কৰে।পুৱা সামুহিক চাফাই , বিশেষ প্ৰয়োজনীয় সম্পন্ন শিশুসকলৰ স্বাস্থ্য পৰীক্ষা , সাংস্কৃতিক মঞ্চ উদ্ধোধন বিশেষ ভাৱে সক্ষম শিশুৱে, পতাকা উত্তোলন কৰে অভিভাৱক কৃষ্ণ দত্তই। মুকলি সভাত খণ্ড মিছন সমন্বয়ক বৰদলনি শিক্ষা খণ্ডৰ। সম্বৰ্ধনা অনুষ্ঠান আঁত ধৰে বৰদলনি শিক্ষা খণ্ডৰ সমল ব্যক্তি দিপালী বৰগোহাঁইয়ে। নিদিষ্ট বক্তৃতা হিচাপে অৱসৰ প্ৰাপ্ত শিক্ষক মহেশ্বৰ পেগু , মুখ্য অতিথি হিচাপে জিলা আঁচনি বিষয়া পংকজ বৰা , প্ৰধান মন্ত্ৰী পোষণ শক্তি জিলা প্ৰৱন্ধ খনিন্দ্ৰ ফুকন আদিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
Tultuldutta ধেমাজি 9380562315


Comments
Post a Comment