তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰবিত্ৰ গোহাঁই ৰ বিদায় সম্বর্ধনা,
গোগামুখ তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰবিত্ৰ গোহাঁইৰ বিদায় সম্বর্ধনা,
প্রতিবেদক,গোগামুখ, ৫ডিচেম্বৰ:জীৱনৰদীৰ্ঘ সময় একেলগে একোটা পৰিয়ালৰ দৰে কৰ্ম সম্পাদন কৰি অৱশেষত বিদায় ক্ষণত আৱেগিক হৈ পৰিল তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰবিত্ৰ গোহাঁই লগতে তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলো। নিজৰ কর্মময় জীৱনৰ অন্তিমটো দিনত বিদ্যালয় পৰিয়ালে আয়োজন কৰা বিদায় সভাত আৱেগিক হৈ পৰে। গোগামুখৰ অঞ্চলৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান তুলসীবাৰী উচ্চমাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক প্ৰবিত্ৰ গোহাঁই য়ে সদায় নিষ্ঠা আৰু সততাৰে নিজৰ দৈনিক কর্ম সম্পাদন কৰি নিজক ব্ৰতী ৰাখিছিল। এইগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰবিত্ৰ গোহাঁইক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাই বিদ্যালয়ৰ কৰ্মচাৰী বৃন্দ তথাএকালৰ সহকর্মীসকলে। সকলো সতীর্থই আৱেগিক হৈ পৰা অনুষ্ঠানত বিদ্যালয় পৰিয়ালে কিতাপৰ টোপোলা, ফুলৰ থুপা, প্রশংসা-পত্ৰৰ লগতে চেলেং চাদৰেৰে বিদায় সম্ভাষণ জনোৱা হয়। উল্লেখ্য যে তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় বৰ্গ কৰ্মচাৰী প্ৰবিত্ৰ গোহাঁই ১৯৮৬ বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ পৰা তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰ্যালয় সহায়ক হিচাপে যোগদান কৰিছিল। কর্মনিষ্ঠাসহকাৰে সম্পাদন ৩০ নবেম্বৰ দিনাই তেওঁৰ চাকৰিৰ কাৰ্যকাল অন্ত পৰে যদিও আজি ৫ ডিচেম্বৰত আনুষ্ঠানিকভাৱে তুলসীবাৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট, ছাত্র-ছাত্রী আৰু স্থানীয় ৰাইজে সমূহীয়াকৈ বিদায় জনাই আৱেগিক হৈ পৰে।
যি কোনো বাতৰি আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক আমাক 9380562315 ,gugamukhlive, gugamukhnews

Comments
Post a Comment