দুই দিন ধৰি নিৰুদ্দেশ তিনি কন্যা সন্তানৰ পিতৃ
জোনাই:৪ ডিচেম্বৰ:জোনাইৰ লক্ষী নেপালী বস্তি গাঁৱত দুই দিন ধৰি নিৰুদ্দেশ তিনি কন্যা সন্তানৰ পিতৃ, আৰক্ষীক এজাহৰ পৰিয়ালৰ।

সংবাদ মাধ্যমক পৰিয়ালৰ লোকে অৱগত কৰোৱাৰ অনুসৰি। যোৱা ২ ডিচেম্বৰ তাৰিখে জোনাইৰ লক্ষী নেপালী বস্তি গাঁৱৰ নিবাসী প্ৰায় ৫০ বছৰীয়া মোহন চেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে সন্ধিয়া প্ৰায় ৮-৩০ বজাত নিজ ঘৰৰ পৰা ওলায় যায়।
কিন্তু নিশাৰ ভাগলৈ ব্যক্তিজনে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লগতে অঞ্চলটোৰ বহু লোকে বিভিন্ন ঠাইত ব্যক্তিজনক বিচাৰি অভিযান চলায় যদিও আজি পৰ্যন্ত কোনোধৰণৰ সন্ধান নোপোৱাত শোকত ভাগি পৰিছে ব্যক্তিগৰাকীৰ পত্নীৰ লগতে আত্মীয়ই।
এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে জোনাই থানাত এজাহাৰ দাখিল কৰিছে যদিও আজিৰ পৰ্যন্ত বৰ্তমান লৈকে কোনো খবৰ লাভ নকৰাত সহায় বিচাৰে ৰাইজৰ পৰা
নীলা জিনচ পেন্ট, কমলা ৰঙৰ T Shirt আৰু সেউজীয়া ৰঙৰ জাকেট পৰিধিত মোহন চেত্ৰী নামৰ ব্যক্তিগৰাকীক যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9706522021/8876441633 এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পত্নীৰ লগতে ব্যক্তিগৰাকীৰ আত্মীয়ই।
Comments
Post a Comment