সমগ্ৰ শিক্ষা অভিযান-বৰদলনি শিক্ষা খণ্ডৰ উদ্যোগত ২৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মাজত শিক্ষন-শিকন সঁজুলীৰ ওপৰত প্ৰতিযোগিতা-প্ৰদৰ্শনী মেলা
সমগ্ৰ শিক্ষা অভিযান-বৰদলনি শিক্ষা খণ্ডৰ উদ্যোগত ২৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী মাজত শিক্ষন-শিকন সঁজুলীৰ ওপৰত প্ৰতিযোগিতা-প্ৰদৰ্শনী মেলা
গোগামুখ:১২ডিচেম্বৰঃ সমগ্ৰ শিক্ষা অভিযান বৰদলনি শিক্ষাখণ্ডৰ উদ্যোগত বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতাৰ প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ বাবে খণ্ড পৰ্যায়ত শিক্ষন, শিকন সঁজুলীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা আজি অনুষ্ঠিত হয় ৷ ধেমাজি জিলাৰ গোগামুখ মইনাপৰাস্থিত জংকি-পানৈ হাইস্কুলত এদিনীয়াকৈ অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা তথা প্ৰদৰ্শনী অনুষ্ঠানত বৰদলনি শিক্ষা খণ্ডৰ মণ্ডল পৰ্যায়ত নিৰ্বাচিত হোৱা মুঠ ২৯ খন প্ৰাথমিক বিদ্যালয়ৰ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি নিজৰ নিজৰ বিদ্যালয়ৰ শিক্ষন-শিকন সঁজুলীসমূহ প্ৰদৰ্শন কৰে ৷ বিশেষকৈ বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে আয়ত্ব কৰিব পৰাকৈ স্বৰবৰ্ণ, ব্যঞ্জন বৰ্ণ, গণিত-বিজ্ঞানৰ সাংকেতিক ব্যৱহাৰেৰে বিষয় দুটাৰ সহজে বোধগম্য কৰি তোলা, শব্দ-বৰ্ণমালাৰ সৰলীকৰণ আদিৰ ওপৰত প্ৰদৰ্শন তথা প্ৰতিযোগিতা অনুষ্ঠিত হয়। এক সুন্দৰ পৰিৱেশত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানটো উদ্ধোধন কৰে সহ শিক্ষক চন্দ্ৰ ফুকনে ৷ প্ৰতিযোিতা তথা প্ৰদৰ্শনী তদাৰক কৰে বৰদলনি খণ্ড শিক্ষাখণ্ডৰ সমল ব্যক্তি মুকুল সুত, প্ৰণতি ফুকনে ৷ অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে ধেমাজি জিলা শিক্ষক প্ৰশিক্ষণৰ পৰিকল্পনা বিষয়া অৰুনিমা দুৱৰা, ধেমাজি ডায়েটৰ শিক্ষক তথা ব্লক তত্বাবধায়ক নয়নমণি বৰা, ডায়েটৰ শিক্ষক জুৰিস্মিতা শ্যাম, বৰদলনি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰিয়ৰাম দত্ত আৰু বৰদলনি শিক্ষাখণ্ডৰ ১৯ খন মণ্ডলৰ চি আৰ চি চিসকল ৷ উল্লেখনীয়, আজি অনুষ্ঠিত হোৱা প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলটোৱে ধেমাজি জিলা ভিত্তিত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷

Comments
Post a Comment