বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী সাফল সামৰণি
বৰদলনি ৩ ডিচেম্বৰ:বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী সাফল সামৰণি
তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰাৰ পৰাই উদুলী মুদুলি শংকৰদেৱ শিশু নিকেতনৰ পৰিবেশ।
ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনি অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান- অন্যতম শঙ্কৰদেৱ শিশু নিকেতন, নিকেতন খন ১৯৯৯ চনতে প্ৰতিষ্ঠা লাভ কৰি শংকৰদেৱ শিশু নিকেতন আজি ২৫ টা বছৰ অতিক্ৰম কৰিলে।গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষটি বৰদলনি বাখী ৰাইজৰ সহযোগত ধুম ধামেৰে আয়োজন কৰা সমান্তৰাল ভাৱে, গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষটি শনিবাৰৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
১,২, আৰু ৩ ডিচেম্বৰ ২০২৪ তাৰিখত উদযাপন হোৱা ৰূপালী জয়ন্তী বৰ্ষ বিভিন্ন কাৰ্যসূচীৰ লগতে শিক্ষাৰ্থীক সকলক আগুৱাই নিয়া লক্ষ্যৰে সাংস্কৃতিক, শৈক্ষিক, সাহিত্য, সমান্তৰাল ভাৱে ২৫ জোপা কৃষ্ণচূড়া গছপুলি ৰোপণ, মূল তোৰণ উন্মোচন, ৰূপালী জয়ন্তী ২৫ খন পতাকা উত্তোলন, নিকেতন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শিশু মেলা ও প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা দ্বাৰ উন্মোচন, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সজ্জিত কম্পিউটাৰ কোঠা উন্মোচন, জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা , শেষৰ দিনা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ এক বিশাল শোভাযাত্ৰা,মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয় বুলি জানিবলৈ দিয়ে।ইফালে আজি উক্ত অনুষ্ঠানত জিলা আৰু অঞ্চল টোৰ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি ছাত্ৰ ছাত্ৰী সকলক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক, অভিভাৱক সকল শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।
Tultul dutta dhemaji 9380562315




Comments
Post a Comment