APSCপৰীক্ষাত উত্তীৰ্ণ হৈ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰক ধেমাজিত সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ
APSCপৰীক্ষাত উত্তীৰ্ণ হৈ ধেমাজিলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰক ধেমাজিত সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ
ধেমাজি:২২ডিচেম্বৰ:
অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ বিগত বৰ্ষৰ পৰীক্ষাত ধেমাজি জিলাখনত সু-ক্ষ্যাতিৰে উত্তীৰ্ন হোৱা ক্ৰমে কল্যাণজ্যোতি চুতীয়া, সংযুক্তা গগৈ, দিপাংকৰ সোনোৱাল আৰু চন্দ্ৰজ্যোতি বনিয়া, পৰীক্ষাৰ্থী সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
উঠি অহা নৱ প্ৰজন্মৰ বাবে আদৰ্শ অনুপ্ৰেৰণা হৈ আগলৈ ৰাইজৰ হকে সমাজৰ বাবে APSC পৰীক্ষাত উতীৰ্ণ হৈ জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুলিত ধেমাজি বাসি।
আজি উক্ত খনত অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, ধেমাজি জিলা সমিতি সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞাঁ, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ধীৰেন দিহিঙীয়া, সাংগঠনিক সম্পাদক ভাস্কৰ চিন্তে, চিলাপথাৰ আঞ্চলিক সমিতি যুটীয়া সম্পাদক সঞ্জীত দত্ত আৰু শুভাকাংক্ষী নৰেন গোহাঁই উপস্থিত থাকে ।




Comments
Post a Comment